সোমবাৰে মিজোৰামত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। শ্ৰমিকৰ ওপৰত খহি পৰে বৃহৎ পাথৰ কুৱেৰী। শিল-বালিৰ তলত জীৱন্তে পোত গ’ল ১২ জনতকৈ অধিক লোক।
জানিব পৰা মতে, হনাথিয়েল জিলাৰ মৌদাৰহৰ ব্যক্তিগত কোম্পানীৰ বাবে কাম কৰিছিল শ্ৰমিকসকলে। তেওঁলোকে মধ্যাহ্ন ভোজনৰ বিৰতিৰ পৰা উভতি অহাৰ পাছতেই এই ঘটনা সংঘটিত হয়। উল্লেখ্য যে, এই ঘটনাত খননকাৰী মেছিনৰ লগতে কেইবাটাও মেচিনো মাটিত পোত যায়। ঘটনাস্থলীত এতিয়াও উদ্ধাৰ অভিযান অব্যাহত আছে।