স্থানীয় লোকক দুৰ্ব্যৱহাৰ কৰি নিলম্বিত হ’ব লগা হ’ল হোজাই জিলাৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্ত। এজন স্কুটী আৰোহীয়ে লংকা- নগাঁও সংযোগী চাৰিলেনযুক্ত পথেৰে ওলোটা দিশেৰে আহি থকা অৱস্থাত প্ৰত্যক্ষ কৰি খেদি খেদি মাৰপিট কৰাৰ অভিযোগ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তৰ বিৰুদ্ধে। লংকাৰ ৭নং ৱাৰ্ডৰ শীলবস্তিত সংঘটিত হয় এই ঘটনা।
এই সমগ্ৰ ঘটনা বন্দী হৈ ৰয় CCTV ত। পৰৱৰ্তী সময়ত ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত লোকজনক চিকিৎসালয়ত ভৰ্তি কৰায়। উক্ত ঘটনাৰ পিছত উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তক নিলম্বনৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।