লখিমপুৰ জিলাৰ বগীনদীৰ ৰাজপথত জ্বলিল বিধায়ক শ্বেৰমান আলীৰ পুত্তলিকা। ৰবিবাৰে এটা বৈদ্যুতিন মাধ্যমত জেহাদীৰ সমৰ্থন কৰিবলৈ গৈ দক্ষিণপাট গৃহশ্রমী সত্ৰৰ সত্ৰাধিকাৰ তথা বিশ্ব হিন্দু মহাসংঘৰ ৰাজ্যিক অধ্যক্ষ জনাৰ্দ্দন দেৱগোস্বামীৰ সম্পৰ্কে কৰা তাচ্ছিল্য সূচক মন্তব্যৰ বাবে বিশ্ব হিন্দু মহাসংঘৰ ভাতৃ সংগঠন হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমে ৰাজপথত বিধায়ক শ্বেৰমান আলীৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। শ্বেৰমান আলীয়ে-জেহাদীৰ দালালী বন্ধ কৰক “শ্বেৰমান- আমিনুল হুছিয়াৰ”, “জেহাদী হুছিয়াৰ”, “অসমক ইছলামিকস্তান হব নিদিও” ইত্যাদি শ্লোগানেৰে লখিমপুৰৰ বগীনদীৰ ৰাজপথ উত্তাল কৰে সংগঠনটোৰ নেতা আৰু সদস্য সকলে। শ্বেৰমান আলীক জেহাদীৰ হৈ দালালী বন্ধ কৰিবলৈ সকিয়াই দি পৰিষদৰ লখিমপুৰ জিলা সমিতি সাধাৰণ সম্পাদক ৰূপম বৰাই কয় যে, বিধায়ক শ্বেৰমান আলি- আমিনুল ইছলামে পাকে প্ৰকাৰে জেহাদীক সমৰ্থন কৰি আছে। একাংশ মুছলমান নেতাই এতিয়া জেহাদীৰ পক্ষত থিয় দিয়া দেখিবলৈ পোৱা গৈছে।
গতিকে অসমত জেহাদী নিৰ্মূল কৰিবলৈ হ’লে এইচাম নেতাক কৰায়ত্ব কৰি থাৰ্ড ডিগ্ৰী প্ৰয়োগ কৰি জেৰা কৰিব লাগে বুলিও চৰকাৰক পৰিষদৰ সাধাৰণ সম্পাদক গৰাকীয়ে চৰকাৰক দাবী জনায়। প্রায় অর্ধশতাধিক সদস্য কার্যকৰ্তাৰ উপস্থিতিত পালন কৰা প্ৰতিবাদী কাৰ্যসূচীত পৰিষদৰ লখিমপুৰ জিলাৰ মুখ্য সাংগঠনিক সম্পাদক লিখক মহন্ত, সাংগঠনিক সম্পাদক মুকেশ লালাবেগী, বগীনদী, বাধাকৰা, চাউলধোৱা আঞ্চলিক সমিতিৰ বহুকেইজন নেতা কর্মীও উপস্থিত থাকে ।