ম্যানমাৰৰ বিদ্ৰোহীৰ হাতত নিহত হোৱা দুই ভাৰতীয়ৰ মৃতদেহ বৰ্তমানলৈকে ঘূৰাই নিদিয়াৰ বাবে বুধবাৰে উত্তপ্ত হৈ পৰে মণিপুৰৰ ইণ্ডো-ম্যানমাৰ সীমান্তৰ ম’ৰে চহৰ।
ম্যানমাৰ কৰ্তৃপক্ষই পি মোহন আৰু এম আয়ানাৰ পৰিয়ালৰ লোকক মৃতদেহ ঘূৰাই দিয়াত কোনো গুৰুত্বপূৰ্ণ প্ৰদান নকৰাত বুধবাৰে শ শ ক্ষুব্ধ জনতাই ইণ্ডো ম্যানমাৰ সীমান্তৰ মৰে আৰক্ষী থানা ঘেৰাও কৰি শীঘ্ৰেই মৃতদেহ ঘুৰাই আনিবলৈ আৰক্ষীক দাবী জনায়। আনহাতে, ক্ষুব্ধ জনতাক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী আৰু সেনা বাহিনী মোতায়েন কৰাৰ পিছতে ক্ষুব্ধ সীমান্তবাসীয়ে এইবাৰ মৰে চহৰৰ কাষতে থকা আন্তঃৰাষ্ট্ৰীয় সীমা পাৰ হৈ ম্যানমাৰ সেনা চকীলৈ লক্ষ্য কৰি তীব্ৰ শিলাবৰ্ষণ কৰে।