মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড। কালাপাহাৰৰ তাৰাহীৰা কমপ্লেক্সত সংঘিটত হয় উক্ত ঘটনাটো। মহিলা এগৰাকীক হত্যা কৰি ধন-সোণ লুট কৰি লৈ যায় দুৰ্বৃত্তই। লগতে চিচি টিভি কেমেৰাও ভাঙি থৈ যায় হত্যাকাৰীয়ে। সমগ্ৰ ঘটনাটো অতি ৰহস্যজনক হোৱাৰ লগতে মহানগৰীৰ মাজমজিয়াত এইদৰে সংঘটিত হোৱা হত্যাকাণ্ডই অসম আৰক্ষীৰ ফোপোলা চৰিত্ৰটোকে উদঙাইছে।
প্ৰকৃততে কিমান সুৰক্ষিত অসমৰ ৰাইজ। আৰক্ষীৰ আধুনিকীকৰণে কিবা প্ৰভাৱ পেলাইছেনে নাগৰিকৰ নিৰাপত্তাৰ ক্ষেত্ৰত। নে এইয়া কেৱল আৰক্ষীৰ বিজ্ঞাপনহে, সাধাৰণ ৰাইজৰ মাজত উঠিছে প্ৰশ্ন।