জম্মু আৰু কাশ্মীৰৰ বান্দিপোৰাত মহম্মদ আমৰেজ নামৰ এজন প্ৰবজনকাৰী শ্ৰমিকক গুলীয়াই হত্যা কৰা হৈছে। মহম্মদ আমৰেজ বিহাৰৰ মাধেপুৰাৰ পৰা গৈ তাত শ্ৰমিক হিচাপে কাম কৰিছিল।
জানিব পৰা মতে, অচিনাক্ত বন্দুকধাৰীয়ে বান্দিপাৰো জিলাৰ আজাচ অঞ্চলত প্ৰব্ৰজনকাৰী শ্ৰমিকজনক গুলীয়াই হত্যা কৰে।
J&K | One migrant labourer from Bihar, Mohd Amrez shot dead by terrorists at Soadnara Sumbal, Bandipora.
Visuals from Community Health Centre in Sumbal. pic.twitter.com/rdCEPZmjTs
— ANI (@ANI) August 12, 2022
উল্লেখ্য যে যোৱা এসপ্তাহত কাশ্মীৰত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ ওপৰত এয়া আছিল দ্বিতীয়টো আক্ৰমণ। যোৱা সপ্তাহত, বিহাৰৰ এজন প্ৰব্ৰজনকাৰী শ্ৰমিক মহম্মদ মুমতাজকো হত্যা কৰা হৈছিল। পুলৱামা জিলাৰ গাদুৰা গাঁৱত উগ্ৰপন্থীয়ে বহিঃকেন্দ্ৰৰ শ্ৰমিকসকলৰ ওপৰত গ্ৰেনেড নিক্ষেপ কৰাৰ ফলত মুমতাজ নিহত হোৱাৰ লগতে আন দুজন আহত হয়।