২২ জানুৱাৰীত সংঘটিত হোৱা নগাঁৱৰ গুলী চালনা ঘটনাত জড়িত আৰক্ষী কনিষ্টবল প্ৰদীপ বনিয়াক অৱশেষত নিলম্বন কৰা হ’ল। প্ৰাক্তন আৰু কৰ্মী কীৰ্তিকমল বৰাক গুলীওৱা কাণ্ডৰে জড়িত আছিল এইগৰাকী আৰক্ষী বিষয়া। এই ঘটনাক লৈ সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ভুৱা এনকাউন্টাৰ কৰি গুলীওৱা হৈছিল প্ৰাক্তন ছাত্ৰ নেতাজনক।
বহু দল সংগঠন তথা স্থানীয় ৰাইজৰ প্ৰতিবাদৰ সন্মূখীন হৈ ৰাজ্য চৰকাৰে ঘটনাটোৰ তদন্তৰ ঘোষণা কৰিবলৈ ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব পবন বৰঠাকুৰক দায়িত্ব দিছিল। ৰিজাৰ্ভ ক্লজ কৰা হৈছিল প্ৰদীপ বনিয়াকে ধৰি কেইগৰাকীও আৰক্ষীক আৰু শেষত নিলম্বনৰ শাস্তি বিহা হয় প্ৰদীপ বনিয়াক।
উল্লেখ্য যে, নগাঁও আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাড ভংগৰ নিৰ্দেশ দিয়াৰ লগতে স্কোৱাডৰ প্রতিজন সদস্যক তাৎক্ষণিকভাৱে অন্য জিলালৈ বদলিৰ নিৰ্দেশ জাৰি কৰিছে বিভাগীয় কৰ্তৃপক্ষই।