এমাহ পূৰ্বে নগাঁও আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাক দুৰ্নীতিৰ অভিযোগত মাজুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত এইবাৰ পুনৰ আন এগৰাকী উপ-পৰিদৰ্শকক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হৈছে।
এইবাৰ নগাঁৱৰ কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইনক গ্ৰেপ্তাৰ কৰিলে ৰূপহীহাট আৰক্ষীয়ে। ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত কাৱৈমাৰী আৰক্ষী চকীত ভাৰপ্ৰাপ্ত বিষয়াৰূপে কৰ্মৰত হাইদৰ হুছেইন নামৰ উপ-পৰিদৰ্শক গৰাকীক মঙলবাৰে নিশা গ্ৰেপ্তাৰ কৰে ৰূপহীহাট আৰক্ষীয়ে। মাটি-বাৰীৰ গোচৰত বাবুল আলী নামৰ এগৰাকী ব্যক্তিৰ পৰা উৎকোচ বিচাৰি গ্ৰেপ্তাৰ হোৱা হাইদৰ হুছেইনক জেৰা অব্যাহত ৰাখিছে ৰূপহীহাট আৰক্ষীয়ে।