৩৪ বছৰীয়া এক পুৰণি গোচৰত পঞ্জাৱ কংগ্ৰেছৰ সভাপতি, প্ৰাক্তন ক্ৰিকেটাৰ নৱজ্যিত সিং সিদ্ধুক উচ্চতম ন্যায়ালয়ে এবছৰৰ সশ্ৰম কাৰাদণ্ড প্ৰদান কৰিছে। ৩৪ বছৰৰ পূৰ্বে সিদ্ধুৰ আক্ৰমণত এজন বৃদ্ধ লোক নিহত হোৱাৰ গোচৰ ৰুজু কৰা হৈছিল আৰু উচ্চতম ন্যায়ালয়ে সিদ্ধুক ১ হাজাৰ টকাৰ জৰিমনাৰে ৰেহাই দিছিল।
উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ পিছতে এতিয়া সিদ্ধুক হয় গ্ৰেপ্তাৰ কৰা হ’ব, নতুবা তেওঁ আত্মসমৰ্পণ কৰিব লাগিব। পঞ্জাৱ আৰক্ষীয়ে এই ক্ষেত্ৰত আইন অনুসৰণ কৰিব লাগিব। সিদ্ধুক উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ভত্তিত পাটিয়ালা কাৰাগাৰলৈ প্ৰেৰণ কৰা সম্ভাৱনা আছে।
Will submit to the majesty of law ….
— Navjot Singh Sidhu (@sherryontopp) May 19, 2022
ইফালে উচ্চতম ন্যায়ালয়ে এই ৰায় দিয়াৰ পিছতে নৱজ্যিত সিং সিদ্ধুৱে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, তেওঁ আইনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সিদ্ধু বৰ্তমান পাটিয়ালাত আছে আৰু তাত তেওঁ নিজৰ আইনী পৰামৰ্শদাতাসকলৰ লগত পৰৱৰ্তী পদক্ষেপৰ বিষয়ে আলোচনা কৰিছে। আনহাতে উচ্চতম ন্যায়ালয়ে যি সময়ত এই ৰায় প্ৰদান কৰিছিল সেই সময়ত সিদ্ধুৱে মূল্যবৃদ্ধি সমস্যাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আছিল।