ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ২৬ হাজাৰ পদত নিযুক্তিৰ বাবে বাচনি পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পিছত বৰ্তমান চাকৰি দিয়াৰ নামত প্ৰাৰ্থীৰ পৰা কোনো দুষ্ট চক্রই উৎকোচ বিচৰাৰ অভিযোগ উত্থাপন হৈছে কেইদিনমান পূৰ্বে অনুষ্ঠিত হৈ যোৱা এই পৰীক্ষা চৰকাৰে নিকা হোৱা বুলি দাবী কৰিছিল যদিও এনে দাবীৰ মাজতে ভিক্টৰ দাস নামৰ এজন ব্যক্তিয়ে টুইটাৰৰ জৰিয়তে এই পৰীক্ষাত টকাৰ লেন দোন হোৱাৰ অভিযোগ উত্থাপন কৰিছে।
অভিযোগকাৰী ভিক্টৰ দাসে চাকৰিৰ ধনৰ লেনদেনৰ সৈতে এজন প্রাক্তন বিধায়ক জড়িত হৈ আছে বুলি গুৱাহাটীৰ পাণবজাৰ থানাত এজাহাৰ দাখিল কৰে। অভিযোগত উল্লেখ কৰা অনুসৰি নিযুক্তিৰ বিনিময়ত ৩ লাখৰ পৰা ৮ লাখ টকা পৰ্যন্ত ধনৰ লেনদেন হৈছে।
ইতিমধ্যে ভিক্টৰ দাসৰ টুইটাৰত বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যিসকল লোক এনে কাৰ্যত জড়িত আছে তাৰ সবিশেষ তথ্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াত যাতে কোনো ধৰণৰ অনিয়ম সংঘটিত হ’ব নোৱাৰে সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি বাছনী পৰীক্ষাৰ সময়ত চৰকাৰে ইণ্টাৰনেট সেৱা পৰ্যন্ত বন্ধ ৰাখিছিল। কিন্তু তাৰ পাছতো এতিয়া উৎকোচ বিচৰা বা প্ৰাৰ্থীৰ সৈতে ধনৰ লেন-দেন হোৱা বুলি অভিযোগ উত্থাপিত হোৱাত আৰক্ষীয়ে তদন্ত কৰি এই অভিযোগ কেনেদৰে খণ্ডন কৰে সেইয়া লক্ষ্যণীয় হব।