এসপ্তাহ পূৰ্বে নাইজেৰিয়াৰ বৰ্ডিং স্কুলৰ পৰা অপহৃত ২৭৯ গৰাকী যুৱতীক মুক্তি দিয়া হৈছে ৷
জাংগেবে নগৰৰ চৰকাৰী বালিকা মাধ্যমিক বিদ্যালয়ৰ পৰা অপহৰণ কৰিছিল যুৱতীসকলক ৷
৷
বন্দুকধাৰী অপহৰণকাৰীয়ে শুকুৰবাবে অপহৰণ কৰিছিল তিনি শতাধিক স্কুলীয়া ছাত্ৰীক ৷
অপহৰণকাৰীয়ে কিছুছাত্ৰীক মুক্তি দিয়ে যদিও বৰ্তমানেও সন্ধানহীন ৩৮ গৰাকী ছাত্ৰী ৷
অপহৃত ছাত্ৰীসকলৰ বয়স ১০ বছৰ আৰু তাৰ ওপৰৰ ৷
মুক্তি দিয়া ছাত্ৰীসকলক উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষা কৰোৱাই চৰকাৰে গতাই দিয়ে পৰিয়ালৰ লোকক ৷
জামফাৰাৰ ৰাজ্যপাল বেল্ল’ মোটোৱালেই টুইটযোগে ঘোষণা কৰিছে এই কথা ৷
ডিচেম্বৰৰ পৰা এইটো তৃতীয়টো অপহৰণৰ ঘটনা ৷
বিষয়টো সমাধানৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাত বিফল হোৱাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে চৰকাৰ
photo: google