অভিনেত্রী সোণাক্ষী সিনহাৰ বিৰুদ্ধে প্রতাৰণাৰ গোচৰ ৰুজু হৈছে৷ ৩৭ লাখ টকাৰ প্রতাৰণাৰে সৰকোৱাৰ অভিযোগ অনা হৈছে অভিনেত্রীগৰাকীৰ বিৰুদ্ধে৷ যাৰ বাবে জামিনবিহীন গ্রেপ্তাৰী পৰোৱানা জাৰি হৈছে শত্রুঘ্ণ সিনহাৰ কন্যা সোণাক্ষীৰ বিৰুদ্ধে৷
অভিযোগ অনুসৰি, দিল্লীত এক অনুষ্ঠান কৰাৰ বাবে ৩৭ লাখ টকা গ্রহণ কৰিও সেই অনুষ্ঠানত যোগ নিদিলে অভিনেত্রীগৰাকীয়ে৷ এই ধন বাৰে বাৰে ওভোতাই দিয়াৰ বাবে অভিনেত্রীগৰাকীক আর্জি জনোৱা হৈছিল যদিও তাক গুৰুত্ব নিদিলে সোণাক্ষিয়ে৷ গতিকে অনুষ্ঠানৰ প্রযোজক, মোৰাদাবাদৰ বাসিন্দা প্রমোদ শর্মাই অভিনেত্রীগৰাকীৰ বিৰুদ্ধে ৰুজু কৰে গোচৰ৷
শর্মাই দাবী কৰা অনুসৰি, দিল্লীৰ মোৰদাবাদত অনুষ্ঠানৰ প্রধান অতিথি হিচাপে থাকিব বুলি প্রতিশ্রুতি দিছিল ‘লুটেৰা’, ‘দাবাং’ আদি জনপ্রিয় ছবিৰ নায়িকাগৰাকীয়ে৷ ইয়াৰ বাবে আনকি সোণাক্ষীয়ে আগতীয়াকৈ সম্পূর্ণ ধন আদায় লৈছিল৷ কিন্তু অনুষ্ঠানৰ দিনাখন অভিনেত্রীগৰাকীয়ে তাত উপস্থিত নহ’ল৷ বহুবাৰ অভিনেত্রীগৰাকীক ধনখিনি ঘূৰাই দিবলৈ অনুৰোধ কৰিছিল যদিও অভিনেত্ৰী গৰাকীৰ মেনেজাৰে এই ধন ওভতাই দিয়া নহ’ব বুলি ঘোষণা কৰাত উপায়ন্তৰ হৈ প্ৰমোদ শৰ্মাই প্রতাৰণাৰ গোচৰ ৰুজু কৰে সোণাক্ষী সিনহাৰ বিৰুদ্ধে৷