কামৰূপ জিলাৰ বকোৰ জামবাৰীৰ পৰা ২৪ জুনৰ সন্ধিয়াতে নিৰুদ্দেশ হোৱা সাংবাদিক আব্দুল ৰৌফ আলমগীৰৰ মৃতদেহ আজি কলহী নৈত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে। তেওঁৰ মৃত্যুত জাৰ্ণেলিষ্ট ইউনিয়ন অব আসামে গভীৰ উদ্বেগ প্ৰকাশ কৰে। এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে জুৱাই। ছয়গাঁও সমষ্টিৰ হাতীপাৰাৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুছ ছামাদ আলমগীৰ আৰু আনোৱাৰা খাতুনৰ কনিষ্ঠ সন্তান আব্দুল ৰৌফ আলমগীৰে TNL ৱেব পৰ্টেলত গৰৈমাৰীৰ সাংবাদিক হিচাবে সেৱা আগবঢ়াই আছিল।
বিগত দুই বছৰ ধৰি বকো জামবাৰীত সাংবাদিকগৰাকীয়ে পঞ্জাব নেচেনেল বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ চলাই আহিছিল। স্নাতক ডিগ্ৰীধাৰী সাংবাদিক আব্দুল ৰৌফ আলমগীৰে যোৱা ২৪জুনৰ সন্ধিয়া গ্ৰাহক সেৱা কেন্দ্ৰ বন্ধ কৰি সমীপৰ দোকানী এগৰাকীক মটৰ চাইকেলখনত দৃষ্টি ৰাখিবলৈ কৈ দোকানী গৰাকীক বকোলৈ যাও বুলি কৈ মাৰুতি ভেন এখনত উঠি যায়।
প্ৰাপ্ত তথ্য অনুসৰি, মাৰুতি ভেনখনত চালক আৰু এজন লোক আছিল। সন্ধিয়া প্ৰায় ৭:৩০ বজাত পৰিয়ালৰ লোকে সাংবাদিক গৰাকীৰে ফোনত কথা পাতি বকোত থকাৰ সম্ভেদ লাভ কৰে। পৰিয়ালৰ লোকে নিশা ১২বজালৈ ফোনত যোগাযোগৰ চেষ্টা চলাই কোনো সহাৰি লাভ কৰা নাছিল।
শেষৰ ফোনটো পৰিয়ালৰ লোকে নিশা প্ৰায় ১২বজাত কৰে যদিও সেই সময়ত সাংবাদিক গৰাকীৰ মোবাইল অফ পায়। তাৰ পাছতেই পৰিয়ালৰ মাজত হাহাকাৰ লাগে। পৰিয়ালে ঘটনা সন্দৰ্ভত গৰৈমাৰী আৰক্ষী থানাত অৱগত কৰাত সাংবাদিক গৰাকীৰ সন্ধানত নিশা বকো আৰক্ষী,গৰৈমাৰী আৰক্ষী আৰু জামবাৰী পহৰা চকীৰ আৰক্ষীৰ এটা দলে নামি পৰে। সাংবাদিকগৰাকীক বকো আৰু ছয়গাঁৱৰ বিভিন্ন প্ৰান্তত বিচাৰ খোচাৰ কৰে আৰক্ষীয়ে।
আৰক্ষীৰ তদন্তৰ মাজতে কালি সাংবাদিক গৰাকীয়ে ব্যৱহাৰ কৰা মোবাইল ফোনটো কামাখ্যা যোগীঘোপা ৰে’ল আলিৰ লামপাৰাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ সমান্তৰালকৈ পৰিয়ালৰ লোকেও আত্মীয় স্বজন,ওচৰ চুবুৰীয়া,বন্ধু বান্ধৱীৰ সৈতেও যোগাযোগ কৰে সাংবাদিক গৰাকীৰ সন্দৰ্ভত। উৎকণ্ঠাৰ মাজতে সোমবাৰে পুৱাৰ ভাগত বকোৰ ১নং জামবাৰীৰ কলহী নৈৰ বুকুত সাংবাদিক গৰাকীৰ নশ্বৰ দেহ ওপঙি উঠে। ঘটনা সন্দৰ্ভত নৈপৰীয়া লোকে প্ৰত্যক্ষ কৰি পৰিয়ালক অৱগত কৰে।
আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সাংবাদিক গৰাকীৰ নশ্বৰ দেহ নৈৰ বুকুৰ পৰা উদ্ধাৰ কৰে। পৰিয়ালৰ লোকৰ দ্বাৰা চিনাক্ত কৰণৰ পাছত নশ্বৰদেহটো সাংবাদিক গৰাকীৰ বুলি আৰক্ষীয়ে ঘোষণা কৰে সাংবাদিক গৰাকীৰ নশ্বৰ দেহ বকো আৰক্ষী থানাত অনাৰ পাছতেই মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।
সাংবাদিক গৰাকীৰ মৃত্যুত ৰাইজৰ মাজতো সৃষ্টি হৈছে ব্যপক কৌতুহল ৷ অমায়িক স্বভাৱৰ যুৱক আব্দুৰ ৰৌফ আলমগীৰৰ মৃত্যুত স্থানীয় ৰাইজে এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰিছে। সাংবাদিক গৰাকীক পাশবিকভাবে নিৰ্যাতন চলোৱা হৈছিল। শৰীৰৰ বিভিন্ন প্ৰান্তত আঘাতৰ চিন স্পষ্ট। দুইখন কাণ কটা, দাঁত ভগা, নাক কটা, ডিঙিত আঘাতৰ চিন স্পষ্ট, পিঠিত আঘাতৰ চিন স্পষ্ট সাংবাদিক গৰাকীৰ নশ্বৰ দেহত।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে সাংবাদিক গৰাকীৰ বাসগৃহৰ সমীপৰ বিহাপাৰাৰ খলিলুৰ ৰহমান নামৰ লোক এজনক সোধ পোচৰ বাবে আটক কৰিছে। বৰ্তমান বকো আৰক্ষী থানাত আটককাৰীক সোধ পোচ অব্যাহত ৰাখিছে বকো আৰক্ষীয়ে।