চামগুৰিৰ ৰঙাগড়াত সংঘটিত শোকাবহ পথ দুৰ্ঘটনাত থিতাতে এজন বাইক আৰোহী নিহত হোৱাৰ উপৰিও এজন গুৰুতৰভাৱে আহত হয়। নিহত বাইক আৰোহীজন চামগুৰি আমনিৰ শুভম বিশ্বকৰ্মা আৰু গুৰুতৰভাৱে আহত টংলাৰ যুৱকজন দীপক গৌৰ বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, নিৰ্মিয়মান চাৰিলেনযুক্ত ৰাজপথৰ ওপৰত সাংকেতিক চিহ্নবিহীনভাৱে পেলাই থোৱা শিলগুটিৰ দ’মত বাইকেৰে খুন্দা মৰাত সংঘটিত হয় দুৰ্ঘটনাটো। উক্ত ঘটনাক কেন্দ্ৰ কৰি ৰঙাগড়াত দেওবাৰে নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ আৰু তাৰপাছতেই ক্ষুব্ধ ৰাইজে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।
চাৰিলেনযুক্ত ৰাজপথ নিৰ্মাণ কোম্পানী “ছিমপ্লেক্স,”ৰ দ্বায়িত্বজ্ঞানহীনতাৰ বাবে অঞ্চলটোত বহু কেইটা শোকাবহ পথ দূৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ। আহত দীপক গৌৰক সংকটজনক অৱস্থাত নগাঁৱলৈ প্ৰেৰণ কৰা হয়।