শিলচৰত মথাউৰি কাটি দিয়াৰ ঘটনাৰ লগত জড়িত ৰাজু দেৱ নামৰ এজন যুৱকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে শিলচৰ আৰক্ষী। বেঁতুকান্দি নামৰ ঠাইখনৰ পৰা আৰক্ষীয়ে গ্রেপ্তাৰ কৰে ৰাজু দেৱক। ৰাজু শিলচৰৰ হিন্দুত্ববাদী সংগঠনৰ কৰ্মী বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, অপৰিকল্পিত আৰু অকতৃত্বশীল ভাৱে শিলচৰৰ উক্ত মথাউৰিটো কাটি দিয়াৰ ফলত শিলচৰ চহৰত ভয়ংকৰ বানৰ সৃষ্টি হৈছিল আৰু মথাউৰি কটা ঘটনাটোৰ লগত জড়িত ব্যক্তি কেইজনক গ্রেপ্তাৰ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিছিল। ঘটনা সন্দৰ্ভত বৰ্তমানলৈ ৫ জনক গ্রেপ্তাৰ কৰা হৈছে লগতে তদন্ত অব্যাহত আছে।