সোমবাৰে শিলচৰত কৰ্তব্যৰত অসম আৰক্ষীৰ এএছআই এজনে নিজৰ ছাৰ্ভিচ ৰিভলভাৰেৰে গুলীয়াই আত্মহত্যা কৰিছে। এএছ আইজনৰ নাম গৌৰ বিধু সিং। শিলচৰ সদৰ থানাত তেওঁ কৰ্তব্যৰত আছিল। জানিব পৰা মতে, চকীত বহি থাকোঁতে তেওঁ ছাৰ্ভিচ ৰিভলভাৰটো উলিয়াই নিজৰ মূৰত গুলী চলায়। তেওঁৰ ঘৰ উদাৰবন্দ সমষ্টিৰ ময়নাৰবন্দত তেওঁৰ ঘৰ।
উল্লেখ্য যে, সোমবাৰে আবেলি প্ৰায় তিনি মান বজাত শিলচৰ সদৰ থানাত গুলীচালনাৰ শব্দ শুনিবলৈ পায় আৰু লগে লগে দেখে যে সিঙে নিজকে গুলীয়াইছে। পিছত খবৰ পাই কাছাৰৰ আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰ শিলচৰ সদৰ থানাত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ইপিনে মৃত বিষয়াজনৰ পৰিয়ালৰ সদস্যসকলো আৰক্ষী চকীত উপস্থিত হয় আৰু এএছআই সিঙৰ আকস্মিক মৃত্যুত শোকাকোল হৈ পৰে। জানিব পৰা মতে, আৰক্ষী বিষয়া গৌৰবিধু সিঙৰ পৰিয়ালত পত্নী, দুই পুত্ৰ আৰু এজনী কন্যা সন্তান আছে।