উল্লেখ্য যে, উজনিৰ পৰা নামনিলৈ বহু যুৱক-যুৱতীয়েই নতুনকৈ আলফাত যোগদান কৰিছে। আলফা আৰু চৰকাৰৰ মাজত শান্তি আলোচনা অনানুষ্ঠানিক ভাৱে চলি থকাৰ লগতে আলফাই এক পক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰি থোৱাৰ মাজতে এইদৰে বহু যুৱক-যুৱতী আলফালৈ বাট লোৱা বিষয়টোৱে ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।