প্ৰখ্যাত উদ্ভাৱক, আৱিষ্কাৰক তথা পদ্ম বঁটা প্ৰাপ্ত উদ্ধৱ ভৰালীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপিত হৈছে। অসম আৰক্ষীয়ে পদ্ম বঁটা প্ৰাপ্ত ব্যক্তিগৰাকীৰ বিৰুদ্ধে শিশুৰ সুৰক্ষা আইনৰ (POCSO)অধীনত এটা গোচৰ ৰুজু কৰিছিল।
উল্লেখ্য যে, উদ্ধৱ ভৰালীৰ বিৰুদ্ধে তেওঁ নিজেই সন্তান হিচাপে তুলি লোৱা এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । এজাহাৰ অনুসৰি, ভুক্তভোগীয়ে অভিযোগ কৰিছিল যে তাইৰ তুলি লোৱা পিতৃয়ে তাইক এবছৰ ধৰি যৌন নিৰ্যাতন চলাই আহিছিল ।
অৱশ্যে, গুৱাহাটি উচ্চ ন্যায়ালয়ে উদ্ধৱ ভৰালীক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। এজন মুখ্য ন্যায়িক দণ্ডাধীশৰ অভিযোগৰ ভিত্তিত ভৰালীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ধৰ্ষণৰ অভিযোগ কৰিছিল ।
উল্লেখনীয়ভাৱে বৰ্তমান ভুক্তভোগী গৰাকীক বিশেষ আৰক্ষী সুৰক্ষাৰ অধীনত ৰখা হৈছে।