লখিমপুৰৰ বিশেষ ন্যায়াধীশৰ আদালতত আত্মসমৰ্পণ উদ্ধৱ ভৰালীৰ। আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ভৰালীক। গুৱাহাটী উচ্চ ন্যায়ালয়ে উদ্ধৱ ভৰালীৰ অগ্ৰীম জামিন নাকচ কৰিছিল। এগৰাকী ১৩ বছৰীয়া কিশোৰীক নিৰ্যাতন চলোৱা অভিযোগ উত্থাপন হৈছিল ভৰালীৰ বিৰুদ্ধে।
আনহাতে এই সন্দৰ্ভত সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভৰালীয়ে কৈছে যে, ‘মই নিকৃষ্ট ষড়যন্ত্ৰৰ বলি হ’লো। মই আইনৰ প্ৰতি বিশ্বাস ৰাখি আত্মসমৰ্পণ কৰিছো। ন্যায়িক জিম্মাত থাকিও জাতিৰ স্বাৰ্থত মই কাম কৰি যাম। লগতে নতুন উদ্ভাৱনৰ চিন্তাৰে নৱ প্ৰজন্মৰ বাবে এখন কিতাপ লিখাৰ কাম আৰম্ভ কৰিম। জে’লত থকা অৱস্থাটো মই আবিষ্কাৰৰ বাবে কাম কৰি যাম।
আনহাতে তেওঁৰ তত্বাৱধানত থকা আশ্ৰয়গৃহ, সৰ্বহাৰাক অন্নদান আৰু আশ্ৰয়হীন বৃদ্ধ-বৃদ্ধাক দিয়া নিয়মীয়া বিশেষ পেন্সন চলি থাকিব বুলি উল্লেখ কৰিছে উদ্ধৱ কুমাৰ ভৰালীয়ে ৷