বৰপেটাৰ পৰা আটক কৰা বিতৰ্কিত আচাৰ্য( ! ) পংকজ পাঠকক বৃহস্পতিবাৰে গুৱাহাটীলৈ আনি হাতীগাঁও থানাত ৰখাৰ পিছত তেওঁক থানাতে প্ৰদান কৰা হয় জামিন। হাতীগাঁও থানাত সোধা–পোছা কৰাৰ পিছত তেওঁক জামিনত মুকলি কৰি দিয়া হয়।
জানিব পৰা মতে, আৰক্ষীয়ে পাঠকক পুনৰাই সামাজিক মাধ্যমত কোনোধৰণৰ অশালীন মন্তব্য নকৰিবলৈ সকীয়াই দিয়েই জামিন প্ৰদান কৰে।
উল্লেখ্য যে মহিলাক লৈ অশালীন মন্তব্য কৰাৰ অভিযোগত গোচৰ তৰা হৈছিল পংকজ পাঠকৰ বিৰুদ্ধে। মহিলাক লৈ সামাজিক মাধ্যমত অশালীন মন্তব্য কৰা আচাৰ্য পংকজ পাঠকৰ বিৰুদ্ধে বহুকেইখন থানাত ৰুজু হৈছিল বহুকেইটা গোচৰ। ৰাজ্যিক মহিলা আয়োগেও পংকজ পাঠকৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল৷