মাৰ্ঘেৰিটাৰ চেগুণবাৰীত এগৰাকী ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰে পাষাণ্ডই। ঘটনাৰ বিৱৰণী অনুসৰি ২ মে’ৰ নিশা কিশোৰী গৰাকী মাতৃৰ সৈতে বিহু চাবলৈ গৈছিল। কিন্তু কিশোৰী গৰাকীৰ টোপনি ধৰাত আত্মীয় বুলি ভৱা আনন তাঁতীৰ ঘৰতে কিশোৰী গৰাকীক থৈ গৈছিল মাতৃয়ে। তাৰ পাছতেই পুৱাৰ পৰা নিৰুদ্দেশ হৈ পৰিছিল কিশোৰীগৰাকী। কিশোৰী গৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত আৰক্ষীক জনাইছিল পৰিয়ালৰ লোকে। আৰক্ষীৰ অভিযানৰ পাছতেই আনন তাঁতীৰ ঘৰৰ ওচৰত থকা এটা হোষ্টেলৰ শৌচালয়ৰ গাতৰ পৰা উদ্ধাৰ হয় কিশোৰী গৰাকীৰ মৃতদেহ।
অভিযোগ অনুসৰি আনন তাঁতীয়ে কিশোৰী গৰাকীক ধৰ্ষণ কৰি হত্য়া কৰিছে। ঘটনাৰ পাছৰ পৰাই পলাতক আছে আনন তাঁতী। অভিযুক্ত আনন তাঁতী দুই সন্তানৰ পিতৃ। আৰক্ষীয়ে ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।