মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰসঙ্গত সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য লিখি কাৰাবাস খাতিব লগা হোৱা বিপ্লৱ জ্যোতি ভূঞাৰ জামিন মঞ্জুৰ কৰিছে আদালতে৷
নাট্যকাৰ, নাট পৰিচালক বিপ্লৱ জ্যোতি ভূঞাক নগাঁও সদৰ থানাৰ আৰক্ষীয়ে ৩১ আগষ্টত গ্ৰেপ্তাৰ কৰিছিল৷ সোমবাৰে নগাঁৱৰ আদালতে ভূঞাৰ জামিন মঞ্জুৰ কৰে ৷ আদালতে জামিন মঞ্জুৰ কৰে যদিও সোমবাৰৰ দিনটোত বিপ্লৱ জ্যোতি ভূঞা মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম নহ’ল৷ আজি অৰ্থাৎ মঙ্গলবাৰে বিয়লি ভাগত ভূঞা কাৰাগাৰৰ পৰা ওলাই অহাৰ সম্ভৱনা আছে ৷