• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আৰক্ষীয়ে দাখিল কৰিলে অনিমেষ ভূঞা হত্যাকাণ্ডৰ ৮৮০ পৃষ্ঠাৰ চাৰ্জশ্বিট

Leena Gogoi by Leena Gogoi
January 18, 2022
in ক্ৰাইম, অসম, ৰাজনীতি, সংবাদ
1 min read
0
আৰক্ষীয়ে দাখিল কৰিলে অনিমেষ ভূঞা হত্যাকাণ্ডৰ ৮৮০ পৃষ্ঠাৰ চাৰ্জশ্বিট
Share on FacebookShare on Twitter

ৰাজ্য কঁপাই যোৱা ছাত্র নেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ গোচৰত সোমবাৰে ৩৩৯ পৃষ্ঠাৰ চার্জশ্বীট দাখিল কৰিছে যোৰহাট আৰক্ষীয়ে৷ এই গোচৰৰ মূল অভিযুক্ত তথা আৰক্ষীৰ এনকাউণ্টাৰত নিহত নীৰজ দাস ওৰফে ক’লা ল’ৰাসহ মুঠ ১৪জন অভিযুক্তৰ বিৰুদ্ধে সোমবাৰে জিলা সত্র ন্যায়াধীশৰ আদালতত যোৰহাট আৰক্ষীয়ে এই চার্জশ্বীট দাখিল কৰে৷ অভিযুক্তসকলৰ ভিতৰত এজন নাবালকো আছে৷ তেওঁৰ বিৰুদ্ধেও আৰক্ষীয়ে চার্জ ৰিপ’ট দাখিল কৰিছে৷ এই ঘটনাত মুঠ ১৫জনক অভিযুক্ত কৰা হৈছিল যদিও বুঢ়াগোহাঁই উপাধিৰ ব্যক্তিজনৰ বিৰুদ্ধে কোনো প্ৰামাণিক তথ্য আৰক্ষীয়ে লাভ নকৰাত চাৰ্জশ্বিটৰ পৰা তেওঁৰ নাম আঁতৰাই ৰখা হয়।

যোৰহাটৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে এই কথা সদৰী কৰিছে৷ তেওঁ প্রকাশ কৰা অনুসৰি এই ঘটনাত মুঠ ৭৬জন লোকে সাক্ষ্যদান কৰিছিল আৰু ৮জনীয়া এটা বিশেষ তদন্তকাৰী গোটে এই গোচৰৰ তদন্ত চলাইছিল৷ আৰক্ষী বিষয়া ক্ষীতেশ্বৰ বণিয়াৰ নেতৃত্বত এই তদন্তকাৰী গোটটোৱে সমগ্র ঘটনাৰ তদন্ত কৰিছিল৷ ৰাজ্য কঁপোৱা এই গণপ্রহাৰৰ ঘটনাৰ তদন্তকাৰী বিষয়া আছিল দণ্ডীৰাম বৰা৷

উল্লেখ্য যে আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ তদন্তৰ ক্ষেত্ৰত ফৰেনছিক তদন্তৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছিল। যিসমূহ ভিডিঅ’ ভাইৰেল হৈছে সেই ভিডিঅ’ বোৰ ফৰেনছিক গৱেষণাগৰলৈ প্ৰেৰণ কৰি তাৰ পৰা বহু তথ্য আহৰণ কৰা হৈছে।
আনহাতে, এই ঘটনাৰ বিচাৰ প্রক্রিয়া ফার্ষ্ট ট্রেক আদালতত কৰাৰ বাবে চৰকাৰক আহ্বান জনোৱা হৈছে বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক জৈনে৷ তেওঁ লগতে কয় যে সকলো তথ্য–সমল সন্নিৱিষ্ট কৰি এখন সঠিক অভিযোগনামা দাখিল কৰা হৈছে৷ বিচাৰ প্রক্রিয়াৰ অন্তত এই গোচৰত জড়িত থকা দোষীয়ে কঠোৰ শাস্তি লাভ কৰিব বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে আশা প্রকাশ কৰে৷ ইতিমধ্যে এই গোচৰটোত যোৰহাটৰ বিশিষ্ট অধিবক্তা ৰিণ্টু গোস্বামীক বিশেষ চৰকাৰী অধিবক্তা হিচাপে নিয়োগ কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে যোৰহাট আৰক্ষীয়ে৷

আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি জনায়-‘অনিমেশ ভূঞা আক্ৰমণ আৰু হত্যাৰ অভিযোগত ১৪ জন অভিযুক্ত ব্যক্তিৰ (এজনৰ মৃত্যু হৈছে আৰু এজন নাবালক)ৰ অভিযোগপত্ৰ দাখিল কৰিছে। আৰক্ষীক দ্ৰুত বিচাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে’।
উল্লেখ্য যে, যোৱা ২৯ নৱেম্বৰত যোৰহাট নগৰৰ মাজমজিয়াত এদল উন্মত্ত লোকৰ প্রহাৰত প্রাণ হেৰুৱাইছিল গোলাঘাটৰ ছাত্র নেতা অনিমেষ ভূঞাই৷ দিন–দুপৰতে ছাত্র নেতাজনক এনেদৰে গণপ্রহাৰ কৰি হত্যা কৰা ঘটনাই সমগ্র ৰাজ্যতে তীব্র প্রতিক্রিয়া সৃষ্টি হৈছিল৷ এই ঘটনাত জড়িত লোকসকলক গ্রেপ্তাৰ কৰি কঠোৰ শাস্তি প্রদানৰ বাবে ৰাজ্যজুৰি দাবী উত্থাপন হৈছিল৷ ইয়াৰ পাছতে যোৰহাট আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাৰ অধীনত ২৬২০/২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে৷ উল্লেখ্য যে, কেছ ডায়েৰীসহ অভিযোগনামাৰ মূল পৃষ্ঠাৰ সংখ্যা হৈছে ৮৮০৷

Previous Post

কাজিৰঙাত ক্ৰমাৎ হ্ৰাস পাইছে গঁড় হত্যাৰ ঘটনা

Next Post

ৰাজ্যত ২৪ ঘন্টাত ক’ৰোনাই প্ৰাণ কাঢ়িলে ১১জনৰ, আক্ৰান্ত প্ৰায় ৭ হাজাৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ৰাজ্যত ২৪ ঘন্টাত ক’ৰোনাই প্ৰাণ কাঢ়িলে ১১জনৰ, আক্ৰান্ত প্ৰায় ৭ হাজাৰ

ৰাজ্যত ২৪ ঘন্টাত ক’ৰোনাই প্ৰাণ কাঢ়িলে ১১জনৰ, আক্ৰান্ত প্ৰায় ৭ হাজাৰ

আকৌ যদি লকডাউন হয়, আপুনি কি কৰিব ?

আকৌ যদি লকডাউন হয়, আপুনি কি কৰিব ?

BARCত অসমৰ যুৱ বিজ্ঞানী মৃদুস্মিতা শৰ্মা

BARCত অসমৰ যুৱ বিজ্ঞানী মৃদুস্মিতা শৰ্মা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8