সংকটত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। বৰপেটাৰ সাংসদ আব্দুল খালেকৰ এক আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।
উল্লেখ্য যে, বিগত ২৮ ডিচেম্বৰত গৰুখুঁটিৰ উচ্ছেদক কেন্দ্ৰ কৰি কৰা বিতৰ্কিত মন্তব্যৰ বাবে সাংসদ আব্দুল খালেকে দিছপুৰ থানাত এক অভিযোগ দাখিল কৰিছিল যদিও দিছপুৰ থানাই সেই গোচৰ ৰুজু কৰা নাছিল।
ইয়াৰ পিছতে সাংসদ খালেকে ন্যায়ালয়ৰ কাষ চাপিছিল। সাংসদ খালেকৰ আবেদনৰ ভত্তিতে ন্যায়ালয়ে এক শুনানি গ্ৰহণ কৰি দিছপুৰ আৰক্ষী থানাক সেই গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশে এই নিৰ্দেশনা প্ৰদান কৰিছে।