অভিনেতা জয়ন্ত দাসক আৰক্ষীৰ এজন চালকে কৰা দুৰ্ব্যৱহাৰক লৈ বৰ্তমান সামাজিক মাধ্যমত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শুক্ৰবাৰে উজানবজাৰত বজাৰলৈ কৰিবৰ বাবে যাওতে অভিনেতাজনে এজন আৰক্ষীক পোছাক পিন্ধি থকা অৱস্থাত চাধা মাৰি থকা দেখা পাই পোছাকযোৰৰ পদমৰ্যাদাৰ প্ৰতি লক্ষ্য ৰাখি তেনে নকৰিবলৈ অনুৰোধ কৰিছিল। আৰক্ষীজনে তেওঁৰ কথাৰ প্ৰতি হয়ভৰ দিয়ে যদিও আৰক্ষীৰ বাহনৰ চালকজন গাড়ীৰ পৰা নামি আহি অভিনেতা জয়ন্ত দাসক দুৰ্ব্যৱহাৰ কৰে। এই ঘটনাৰ পাছতেই অভিনেতাজনে নিজৰ লগত সংঘটিত হোৱা ঘটনাটো সামাজিক মাধ্যমত ব্যক্ত কৰি দুখ প্ৰকাশ কৰে।
তেখেতে কয় যে, এই ঘটনাৰ বাবে তেওঁ খুব দুখ, লাজ, আঘাত পাইছে আৰু মৰ্মাহত হৈছে। সামাজিক মাধ্যমত তেখেতে ব্যক্ত কৰে যে, উজান বজাৰৰ পৰা বজাৰ কৰি নিজৰ স্কুটিত ঘূৰি আহি থাকোতে আৰক্ষীৰ গাড়ী এখন ৰৈ এখন ব্ৰইলাৰ মাংসৰ দোকানত এজন পুৰুষ আৰু এগৰাকী মহিলা আৰক্ষীয়ে মাংস কিনিবলৈ যায় আৰু অন্য এজন আৰক্ষীয়ে চাধা হাতত লৈ থাকোতে অভিনেতাজনে তেওঁক ধেমেলীয়া আৰু হাঁহিৰে তেখেতক আৰক্ষীৰ সাজ পৰিধান কৰি থাকোতে এনে কাম নকৰিবলৈ ক’লে। এনেতে আৰক্ষীৰ বাহনৰ চালকজন গাড়ীৰ পৰা নামি আহি অভিনেতা জয়ন্ত দাসক আঙুলি টোৱাই যথেষ্ট বেয়া ব্যৱহাৰ কৰে।
এই সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত এটা ভিডিঅ’ প্ৰস্তুত কৰি সামাজিক মাধ্যমত প্ৰকাশ কৰি আৰক্ষীৰ ইমেজ ৰাইজে সলনি হোৱাটো বিচাৰে আৰু মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীক বহুবাৰ এনে কৰিবলৈ আহ্বান জনোৱা সন্দৰ্ভতে তেওঁ আৰক্ষীক শুধৰাই দিয়ে বুলি জনায়। তেওঁ লগতে সচেতন নাগৰিক হিচাপে একো ক’ব নোৱাৰে নেকি বুলি প্ৰশ্ন কৰাৰ উপৰিও কেৱল মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই এই কামবোৰ কৰি থাকিব লাগিব নেকি বুলিও প্ৰশ্ন কৰে।
ইয়াৰ পাছতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত, অভিনেতা জয়ন্ত দাসক দুৰ্ব্যৱহাৰ কৰা আৰক্ষীৰ বাহনৰ চালকজনক গ্ৰেপ্তাৰ কৰা হয় বুলি জানিব পৰা গৈছে।