খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ। ভুৱা গোচৰ ৰুজু কৰি উৎকোচ লোৱাৰ অভিযোগত OC উৎপল বৰাৰ বিৰুদ্ধে। ভুৱা গোচৰ ৰুজু কৰি আটক কৰিছিল চিকিৎসক আৰু শিক্ষকক। দুয়োজনৰ পৰা ৫ লাখ টকা লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ। ধূলা থানাত কৰ্মৰত অৱস্থাত সংঘটিত হৈছিল ঘটনা। পৰৱৰ্তী সময়ত ধূলা থানাৰ পৰা খাৰুপেটীয়া থানালৈ বদলি হৈছিল উৎপল বৰা। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে OC উৎপল বৰাক।
ধৃত উৎপল বৰা দৰঙৰ ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৈ থাকোতে এগৰাকী চিকিৎসক আৰু শিক্ষকক JJM আঁচনিৰ পাইপ চুৰি কৰা ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰাৰ লগতে ৫ লাখ টকা দাবী কৰিছিল। প্ৰায় এমাহ আগতে বিষয়া গৰাকীয়ে। চিকিৎসক আৰু শিক্ষক গৰাকীয়ে উচ্চ আৰক্ষী বিষয়াক সকলো কথা অৱগত কৰাত অসম আৰক্ষীয়ে গোপনে তদন্ত আৰম্ভ কৰিছিল উৎপল বৰাৰ বিৰুদ্ধে। বৰাৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণ লাভ কৰাত দৰং আৰক্ষীয়ে আটক কৰে বিষয়াগৰাকীক। বৰাক ইতিমধ্যে মঙলদৈ থানাত সোধাপোচা অব্যাহত ৰাখিছে। 148 /22 ধাৰা অধীনত গ্ৰেপ্তাৰ কৰে অ ‘চি উৎপল বৰাক বৰাৰ বিৰুদ্ধে মাটিৰ দালালৰ লগত জড়িত থকাৰ লগতে দুবাৰকৈ বিদেশ ভ্ৰমণ, বিলাসী গাড়ী অগাধ সম্পত্তিৰ গৰাকী বুলি অভিযোগ কৰিছে একাংশই। ইতিমধ্যে অসম আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। অসম আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াৰ এনে কুকৰ্মই সকলোকে স্তম্ভিত কৰিছে।