CIDৰ হাতত গ্ৰেপ্তাৰ ধূলা থানাৰ পূৰ্বৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰা। এগৰাকী বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ গাফিলতি কৰিছিল উৎপল বৰাই।
পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত গঠন কৰা হৈছিল তদন্ত কমিটি। উক্ত ঘটনা সন্দৰ্ভত পূর্বে নিলম্বিত হৈছিল দৰঙৰ তদানীন্তন আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়সহ ৩ আৰক্ষী। নিলম্বিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰা জামিনত আছিল।