ৰাজ্যত পুনৰ এনকাউন্টাৰ। বিশ্বনাথত এনকাউন্টাৰত গুলীবিদ্ধ শিশু বলাৎকাৰৰ অভিযুক্ত কাঠনিবাৰীঘাটৰ মুহিম শৰ্মা।
উল্লেখ্য যে, প্ৰায় ৬০ বছৰ বয়সীয়া শৰ্মাৰ বিৰুদ্ধে এটি শিশুক বলাৎকাৰৰ অভিযোগ উত্থাপন হৈছিল। তাৰপাছতেই দেওবাৰে গঞাই চুলি খুৰাই, চূণ লেপি, চেণ্ডেলৰ মালা পিন্ধাই বিহিছিল শাস্তি।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিব পাৰি ঘটনাস্থলীত উপস্থিত হৈ কৰায়ত্ব কৰে অভিযুক্তক। দেওবাৰে মাজনিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে মুহিম শৰ্মালৈ গুলীচালনা কৰে। গুলীবিদ্ধ অভিযুক্ত মুহিম শৰ্মাক বৰ্তমান তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।