দেওবাৰে নিশা চাৰ্ভিচ পিষ্টলেৰে পত্নীক গুলীয়াই হত্যা কৰিলে এজন কনিষ্টবলে৷ ডিব্রুগড় সদৰ আৰক্ষী থানাৰ কনিষ্টবল বিকি চেতিয়াই হত্যা কৰিলে পত্নী জয়শ্ৰী চেতিয়াক।
জানিব পৰা মতে, নিশা প্ৰায় ১:৩০ মান বজাত সদৰ থানাৰ কাষতে অৱস্থিত চৰকাৰী কোৱাৰ্টাৰত সংঘটিত হয় এই ঘটনা। ইতিমধ্যে এই কাণ্ড সংঘটিত কৰা বিকি চেতিয়াক গ্ৰেপ্তাৰ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে। নিজৰ চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই হত্যা কৰা হত্যাকাৰী আৰক্ষীৰ জোৱানজনৰ ঘৰ শিৱসাগৰত বুলি জানিব পৰা গৈছে।