ৰাজ্যত অনলাইন প্ৰৱঞ্চক চক্ৰৰ কৱলত পৰি বহু লোক প্ৰৱঞ্চনাৰ সন্মুখীন হৈ আহিছে। এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈৰ নাম লৈ জাল পেলাইছে এটা অনলাইন প্ৰৱঞ্চক চক্ৰই। বিশ্ববিদ্যালয়ৰ এগৰাকী জ্যেষ্ঠ অধ্যাপকৰ পৰা উপাচাৰ্যৰ নাম লৈ লুটিলে লাখ লাখ টকা। ভুগোল বিজ্ঞান বিভাগৰ অধ্যাপক অনুপ শইকীয়াই সন্মুখীন হয় এই প্ৰৱঞ্চনাৰ।
উল্লেখ্য যে, ১৪ আগষ্টৰ দিনা ৭৭২২৯৯১৮৩৬ নম্বৰৰ পৰা অধ্যাপক গৰাকীলৈ হোৱাটচ এপত মেছেজ আহিছিল। উক্ত মেছেজ সমূহত সহায় বিচাৰিছিল অধ্যাপক গৰাকীৰ পৰা আৰু এমাজন পেৰ গিফ্ট কুপন ক্ৰয় কৰাৰ কথা কৈছিল। উপাচাৰ্যৰ নাম লৈ অহা বাবে প্ৰায় লাখ টকাৰ কুপন ক্ৰয় কৰিছিল অধ্যাপক গৰাকীয়ে। কিন্তু বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ তৰফৰ পৰা অহা এটা সতৰ্কতামূলক মেছেজত স্পষ্ট হয় প্ৰৱঞ্চনাৰ ঘটনাটো। ঘটনা সন্দৰ্ভত অধ্যাপক গৰাকীয়ে আৰক্ষীৰ ওচৰত এজা হাৰ দাখিল কৰিছে।