আজি ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত অস্ত্ৰোপচাৰ সম্পন্ন হ’ব ৰেগিং কাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মাৰ।দিল্লীলৈ স্থানান্তৰ কৰাত সমস্যাৰ সৃষ্টি হোৱাৰ বাবে ডিব্ৰুগড়তে আনন্দৰ অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজহাড় ভাঙি যোৱাৰ লগতে শৰীৰৰ আন অংশতো গুৰুতৰভাৱে আঘাত পাইছে আনন্দ শৰ্মাই।
আনহাতে, ডিব্ৰুগড় বিশ্বিবিদ্যালয়ৰ ৫জনকৈ ৱাৰ্ডেনক বিশ্ববিদ্যালয়ৰ গেষ্ট হাউছত জেৰা চলালে আৰক্ষী অধীক্ষকে। চীফ ৱাৰ্ডেন ড০ কল্যাণ ভূঞা, ডেপুটী চীফ ৱাৰ্ডেন ডেভিদ কাৰ্দং আৰু PNGB হোষ্টেলৰ ৩ ৱাৰ্ডেনক জেৰা আৰক্ষী অধীক্ষৰ।
আজি তদন্ত কমিটীৰ আগত হাজিৰ হ’ব লাগিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ PGSUৰ সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰা। উল্লেখ্য যে, জাননী দিয়াৰ পিছতো বুধবাৰে হাজিৰ হোৱা নাছিল উজ্জ্বল অংকুৰ বৰা। তদন্ত কমিটীৰ আগত হাজিৰ হ’ব লাগিব আন ১১ জন ছাত্ৰ।