ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিঙ কাণ্ডই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। এই কাণ্ডত জড়িত থকাৰ অভিযোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ PNGB ছাত্ৰাবাসৰ পৰা ১৮জন ছাত্ৰক ইতিমধ্যে বহিষ্কাৰ কৰা হৈছে। ৰেগিং কাণ্ডৰ মূল অভিযুক্ত প্ৰাক্তন ছাত্ৰ ৰাহুল ছেত্ৰীক বিশ্ববিদ্যালয়ত অনিৰ্দিষ্ট কাললৈ প্ৰৱেশ নিষেধ কৰাৰ লগতে ৱাৰ্ডেনলৈও জাননী জাৰি কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশাসনে। মূল অভিযুক্ত ৰাহুল ছেত্ৰী এতিয়াও পলাতক হৈ আছে।
উল্লেখযোগ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তিনিজনকৈ ছাত্র ৰেগিঙৰ বলি হৈছিল আৰু ইয়াৰে এজনৰ অৱস্থা সংকটজনক। ৰেগিঙৰ নামত একাংশ ছাত্ৰৰ অকথ্য নিৰ্যাতনৰ বলি হোৱা আনন্দ শৰ্মা নামৰ ছাত্রজন বৰ্তমান ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ৰাজহাঁড় আৰু মূৰত আঘাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ছাত্ৰজন। আনন্দ শৰ্মাৰ ঘৰ চৰাইদেউ জিলাৰ সোণাৰিত আৰু তেওঁ বাণিজ্য বিভাগৰ প্ৰথম ছেমিষ্টাৰৰ ছাত্র।