মণিপুৰৰ ৰাজধানী ইম্ফলক ব্ৰডগজ ৰেলপথৰে সংযোগ কৰা কামত নিয়োজিত হৈ ২৯ জুনৰ মাজনিশা তুপুলত হোৱা ভয়াবহ ভূমিস্খলনত দুৰ্ভাগ্যজনক ভাবে মৃত্যুক আঁকোৱালি লোৱা ৰেলৱেৰ তিনিজন অভিযন্তাক মৰণোত্তৰ ভাবে সাহসিকতাৰ বঁটা প্ৰদান কৰি সন্মানিত কৰিবলৈ দাবী জনাইছে এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নে। আনকি ইউনিয়নৰ ফালৰ পৰা এই সন্দৰ্ভত ৮ জুলাইত উত্তৰ পূব সীমান্ত ৰেলৱেৰ নিৰ্মাণ বিভাগৰ মহা প্ৰবন্ধকক এখন স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে। ইউনিয়নৰ প্ৰচাৰ গোটৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মনে জানিবলৈ দিয়া মতে ইউনিয়নৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াই মহাপ্ৰবন্ধকক প্ৰদান কৰা স্মাৰক পত্ৰখনত মণিপুৰৰ ৰেলপথ নিৰ্মাণৰ কামত নিয়োজিত হৈ থকা উত্তৰ পূব সীমান্ত ৰেলৱেৰ নিৰ্মাণ বিভাগৰ জ্যেষ্ঠ খণ্ড অভিযন্তাদ্বয় কমলেশ তালুকদাৰ আৰু অনুজ কুমাৰ, কনিষ্ঠ অভিযন্তা দীপক কুমাৰ সিদিনাৰ ভূমিস্খলনত দুৰ্ভাগ্যজনক ভাবে মৃত্যুক আঁকোৱালি লবলগীয়া হয় তিনিজনকৈ অভিযন্তাক হেৰুৱাব লগা হোৱাটো ৰেল বিভাগৰ লগতে তেওঁলোকৰ পৰিয়ালৰো এটা অপূৰণীয় ক্ষতি।
দিনে নিশাই ৰেলপথৰ নিৰ্মাণ কাৰ্যত নিয়োজিত হৈ তেনেকৈ তিনিজনকৈ অভিযন্তাই কৰ্তব্যৰ সময়ত দেখুওৱা উৎকৃষ্ট নিদৰ্শনৰ বাবে ভাৰত চৰকাৰে তিনিওজনকে সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰি সন্মানিত কৰিব লাগে । ইয়াৰ পূৰ্বে ডিমা হাচাও জিলাৰ মুপা ৰেল ষ্টেচনৰ সমীপত উগ্ৰপন্থীৰ নিৰ্বিচাৰ গুলীচালনাত নিহত হোৱা ৰেল চালক নিত্যানন্দ বৰাক ২০০৯ চনৰ ১৯ মাৰ্চত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মৰণোত্তৰ ভাবে কীৰ্তিচক্ৰ প্ৰদান কৰি সন্মানিত কৰিছিল। যাৰবাবে ইউনিয়নে নিৰ্মিত বিভাগৰ তিনিওজন ৰেল অভিযন্তাক ৰাষ্ট্ৰপতিয়ে কীৰ্তিচক্ৰ প্ৰদান কৰি সন্মানিত কৰাৰ লগতে পৰিয়াল বৰ্গক নূন্যতম এক কোটি টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিবলৈ ইউনিয়নে স্মাৰক পত্ৰখনৰ জৰিয়তে দাবী জনাইছে।