দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে আজি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ন্যায়ালয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ দোষী এজি পেৰাৰীবলনক মুকলি কৰি দিয়াৰ আদেশ দিয়ে। উচ্চতম ন্যায়ালয়ে দোষীক মুকলি কৰি দিয়াৰ বাবে অনুচ্ছেদ ১৪২ৰ বিশেষ অধিকাৰৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে,বিগত প্ৰায় ৩১ বছৰ ধৰি তেওঁ কাৰাগাৰত বন্দী হৈ আছে।
এই গোচৰ সন্দৰ্ভত ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিৰ ওপৰত দীৰ্ঘদিন ধৰি আৱেদন কৰি আহিছিল। অৱশেষত উচ্চতম ন্যায়ালয়ে পেৰাৰীবলক মুকলি কৰি দিয়াৰ আবেদনত মঞ্জৰী প্ৰদান কৰি কয় যে, উচ্চতম ন্যায়ালয়ে কৈছিল যে ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত ৰাজ্যপালৰ বাবে বাধ্যতামূলক আছিল আৰু সকলো দোষীৰ মুক্তিৰ পথ মুকলি। উল্লেখ্য যে, পেৰাৰীবলন বৰ্তমান জামিনত মুকলি হৈ আছে।