ৰাজ্যসভাৰ সাংসদ তথা মহাৰাষ্ট্ৰৰ সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ একান্তই অনুগত সঞ্জয় ৰাউটক EDয়ে ১০ ঘণ্টা ধৰি জেৰা কৰে। উল্লেখ্য যে, শিৱসেনাৰ বিদ্ৰোহী বিধায়কসকল গুৱাহাটীত বাহৰ পাতি থকাৰ সময়তে EDয়ে সঞ্জয় ৰাউটলৈ চমন জাৰি কৰিছিল।
শুকুৰবাৰে পুৱা ১১-৩০ বজাত দক্ষিণ মুম্বাই বেলাৰ্ড ইষ্টেটত অৱস্থিত ইডিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছতে সঞ্জয় ৰাউটক পাত্ৰ চাওল নামৰ এটা হাউচিং কমপ্লেক্সৰ পুনৰ্বিকাশৰ এক কেলেংকাৰীৰ গোচৰত নিশা ৯-৩০ বজালৈ প্ৰায় ১০ ঘণ্টা সময় জেৰা কৰে। এই গোচৰৰ উপৰিও সঞ্জয় ৰাউটক ধনৰ অবৈধ সৰবৰাহৰ সন্দৰ্ভতো সোধা-পোছা কৰে।
Maharashtra | It is our duty to go in front of the central agencies if they have any doubt in their minds so that people do not have any doubt in their minds about us. We were questioned for 10 hours and we gave full co-operation: Shiv Sena MP Sanjay Raut, in Mumbai pic.twitter.com/8tbQn0aNZL
— ANI (@ANI) July 1, 2022
সঞ্জয় ৰাউটক EDয়ে সোধা-পোছা কৰাৰ সময়ত কাৰ্যালয়ৰ বাহিৰত উপস্থিত আছিল বহু সংখ্য ক শিৱসেনাৰ কৰ্মী। পৰিস্থিতি যাতে কোনো কাৰণতে জটিল নহয় তাৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল। মন কৰিবলগীয়া যে যোৱা এপ্ৰিল মাহত EDয়ে সঞ্জয় ৰাউটৰ পৰিয়ালৰ সদস্যৰ সম্পত্তি জব্দ কৰিছিল।