এক চাঞ্চল্যকৰ ডকাইতি কাণ্ডই জোকাৰি গৈছে সমগ্ৰ শোণিতপুৰ জিলাক। বৃহস্পতিবাৰে নিশা তেজপুৰৰ মহিন্দ্ৰা ডিলাৰৰ গুডামৰ পৰা ডকাইতে ৭ খনকৈ বাহন লৈ যোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰাৰ লগতে সকলোকে আশ্চৰ্য কৰি তুলিছে।
উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা তেজপুৰৰ ডেকাৰগাওঁ ৰে’লৱে ষ্টেচনৰ সমীপত থকা মহিন্দ্ৰাৰ গুডামৰ পৰা ৭ খন ব’লেৰ পিক আপ ভান লৈ উধাও হয় ডকাইতৰ এটা দল। গুডামৰ নিৰাপত্তাৰ দায়িত্বত থকা দুজন নিৰাপত্তাৰক্ষীক ডকাইতৰ দলটোৱে হাত-ভৰি বান্ধি এই কাৰ্য সংঘটিত কৰে বুলি জানিব পৰা গৈছে। নিৰাপত্তাৰক্ষীয়ে প্ৰকাশ কৰা মতে ডকাইতৰ দলটোত প্ৰায় ১৫ জন সদস্য আছিল বুলি অনুমান কৰা হৈছে। বৰ্তমান সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে তেজপুৰ আৰক্ষীয়ে। প্ৰাৰম্ভিক তদন্তৰ অন্তত আৰক্ষীয়ে তেজপুৰৰ দাঁতি কাষৰীয়া চুলুং অঞ্চলৰ পৰা ডকাইতে লৈ যোৱা ১ খন ব’লেৰ পিক আপ উদ্ধাৰ কৰিছে যদিও আন ৬ খন বাহন এতিয়াও উদ্ধাৰ কৰিব পৰা নাই।
উল্লেখ্যে যে, অত্যন্ত ব্যস্ততাপূৰ্ণ আৰু জনবসতি থকাএটা অঞ্চলত থকা এই ডিলাৰটোৰ পৰা এইদৰে ডকাইতৰ দলে ৭ খনকৈ বাহন লৈ উধাও হোৱাৰ ঘটনাই এতিয়া শোণিতপুৰৰ নিশাৰ ভাগৰ নিৰাপত্তাৰ দিশটোৰ ফুপুলা স্বৰূপ উদঙাই তুলিছে। জিলাখনৰ পৰা পূৰ্বেও বহু বাহন চোৰ হৈছে যদিও এইদৰে ডকাইতৰ দলে ডিলাৰৰ গুডামৰ পৰা ৭ খনকৈ বাহন লৈ যোৱাৰ ঘটনা সংঘটিত হোৱা নাছিল।