উত্তৰ পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনী (আৰ পি এফ) যাত্ৰীবাহী ৰেল, ৰেল ষ্টেচন, ৰেলৱে পৰিসৰত নিষিদ্ধ বা নিচাযুক্ত, চোৰাং সামগ্ৰী সৰবৰাহ হব নোৱাৰে তাৰ প্ৰতি সদা সতৰ্ক দৃষ্টি ৰাখি আহিছ। সমান্তৰালভাৱে মানৱ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধেও অভিযান চলাই আহিছে আৰ পি এফে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া গুনীত কৌৰে সদৰি কৰা অনুসৰি যোৱা ২০২১ বর্ষত অৰ্থাৎ বিগত এটা বছৰত আৰ পি এফে বিভিন্ন যাত্ৰীবাহী ৰেল,ৰেল ষ্টেচনকে ধৰি ইয়াৰ পৰিসৰত চলোৱা অভিযানত মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা আৰু বিভিন্ন কাৰণত ঘৰৰ পৰা ওলাই অহা শিশু, মহিলাকে ধৰি মুঠ ৬৪৪ জন লোকক উদ্ধাৰ কৰিছে। ইয়াৰে ৮৩ জনক উদ্ধাৰ কৰা হৈছে মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা। এই অভিযানত মুঠ ২৪ জন মানৱ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰ পি এফৰ অভিযানকাৰী দলে। আনহাতে পহিলা জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈকে বিগত ২০২১ বৰ্ষত আৰ পি এফে ৩৩৬ টা চোৰাং আৰু নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ ঘটনা ধৰা পেলায়। এই অভিযানত ১১.০২ কৌটি টকাতকৈ অধিক মূল্যৰ নিষিদ্ধ – চোৰাং সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলে ।