ৰাজ্য়ৰ একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে দুৰ্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়িছে। প্ৰায় প্ৰতিদিনেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধৰা পৰিছে এনে একাংশ দুৰ্নীতিপৰায়ণ বিষয়া-কৰ্মচাৰী।
তাৰ মাজতেই দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই ৰাজ্যৰ এগৰাকী শীৰ্ষ বিষয়াৰ ঘৰত অভিযান চলাই জব্দ কৰা নগদ ধনৰ পৰিমাণে চকু কপালত তুলিছে সচেতন মহলৰ। ৰাজ্যিক আয়কৰ বিভাগৰ সহকাৰী আয়ুক্ত মীনাক্ষী কাকতি কলিতাৰ বাসগৃহত আজি দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই অভিযান চলাই জব্দ কৰিছে মুঠ ৬৫ লাখ ৩৭ হাজাৰ ৫০০ টকা।
Ref: Arrest of Minakshi Kakati Kalita, Asstt. Commissioner of State Tax. During search, an amount of Rs. 65,37,500/-( sixty five lakhs thirty seven thousand five hundred) has been recovered from her house. Further search is underway. @CMOfficeAssam @assampolice @surendrakr_ips pic.twitter.com/LiOEKjA9Wn
— Directorate of Vigilance & Anti-Corruption, Assam (@DIR_VAC_ASSAM) May 18, 2023
উল্লেখ্য যে, এইগৰাকী দুৰ্নীতিপৰায়ণ বিষয়াক ৪ হাজাৰ টকা উৎকোচ লোৱাৰ অৱস্থাতেই হাটে-লোটে গ্রেপ্তাৰ কৰিছিল দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে। এই সন্দৰ্ভত টুইটাৰত দুৰ্নীতি নিবাৰক আৰু তদন্তকাৰী শাখাৰ ফালৰ পৰা উল্লেখ কৰা অনুসৰি সমগ্ৰ ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যহত আছে।