বুকাৰ বঁটাৰে সন্মানিত ছলমান ৰুশ্বডীক আমেৰিকাৰ নিউয়ৰ্কত মঞ্চত ভাষণ প্ৰদান কৰি থকাৰ সময়তে ছুৰীৰে আক্ৰমণ কৰা হয়। ভৰাতত জন্ম লভা বিশ্ব বিখ্যাত লেখক ছলমান ৰুশ্বডীৰ বিভিন্ন লিখনিৰ বাবে তেওঁক সমালোচনা কৰি অহা হৈছে। ‘দা ছাটানিক ভাৰ্ছেছ’ (The Satanic Verses) নামৰ গ্ৰন্থখনৰ পৰাই ইছলামিক সমাজৰ ৰোষত পৰিছিল লেখকগৰাকী।
উল্লেখ্য যে, বিভিন্ন সময়ত বিভিন্ন জনৰ পৰা বিভিন্ন সময়ত মৃত্যুৰ ভাবুকিৰ সন্মুখীন হৈছিল ছলমান ৰুশ্বডী। এটো সময়ত ৰুশ্বডীৰ হত্যাকাৰীক ৩ নিযুত মাৰ্কিন ডলাৰৰ পুৰস্কাৰ দিয়াৰ কথাও ঘোষণা কৰা হৈছিল। উল্লেখ্য যে নিউয়ৰ্কৰ চৌটাকুৱা কাউণ্টী ইনষ্টিটিউশ্যনত ভাষণ দিবলৈ লওঁতেই মঞ্চলৈ উঠি গৈ এজন লোকে ৰুশ্বডীক ছুৰীৰে আক্ৰমণ কৰে। উপস্থিত লোকসকলে ৰুশ্বডীৰ প্ৰাণ ৰক্ষা কৰাৰ লগতে আক্ৰমণকাৰী লোকজনকো কৰায়ত্ত কৰে।