পবিতৰা অভয়াৰণ্যৰ নিকটবৰ্তী মায়ঙৰ বহা ঠেংভঙাত সোমবাৰে এদল উন্মত্ত বালি মাফিয়াৰ আক্ৰমণত আঘাত প্ৰাপ্ত হয় কেইবাগৰাকীও মহিলা। অভিযোগ অনুসৰি নগাঁও বন সংমণ্ডল আৰু মৰিগাঁও বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ ইংগিতত চলি থকা অবৈধ বালিৰ মহলসমুহ একাংশ স্থানীয় মহিলাই বন্ধ কৰিবলৈ যাঁওতে মহিলাসকলৰ ওপৰত জপিয়াই পৰে বালি মাফিয়া।
তাৰ পাছতেই উত্তেজিত হৈ পৰে গাওঁখনৰ ৰাইজ। বালিৰ ৰমৰমীয়া ব্যৱসায় চলাই থকা নেতা পালিনেতাৰ আচৰণত অতিষ্ঠ হৈ অৱশেষত মায়ং আৰক্ষীৰ কাষ চাপে এজাক মহিলা। মৰিগাঁও জিলাৰ জাগীৰোড সমস্তিৰ অন্তৰ্গত বহা,বৰঝাৰী, ঠেংভঙা দিপৰাং গৰুবন্ধা আদি অঞ্চলত দীৰ্ঘদিন ধৰি চলি আছে কুৰিটাতকৈ অধিক বালিৰ মহল। দুই এটা মহলে দুৰ্নীতিত পোত গৈ থকা বন বিভাগৰ পৰা নিদিষ্ট পৰিমাণৰ বালি উঠোৱাৰ অস্থায়ী অনুমতি লৈ বালিৰ ব্যৱসায় কৰি আছিল যদিও সময় সীমা আৰু পৰিমাণ শেষ হোৱাৰ পিছতো দিনে নিশাই বালিৰ ব্যৱসায় চলাই গৈছে।