SCERTৰ ১০৫কোটি টকীয়া কেলেংকাৰীত পুনৰ দুজনক গ্ৰেপ্তাৰ হয় RTI কৰ্মী বেনিন দলে, ৰাজীৱ কাকতি। অভিযোগ অনুসৰি বেনিন দলেয়ে ৫ লাখ টকা লৈছিল শেৱালি দেৱী শৰ্মাৰ পৰা আৰু ৰাজীৱ কাকতিয়ে লৈছিল ৭ লাখ টকা। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও এই কেলেংকাৰীত নাম সাঙোৰ খাই পৰিছিল বহু আৰ টি আই কৰ্মীৰ লগতে সাংবাদিকৰ নাম।এই কেলেংকাৰীত দুগৰাকী সাংবাদিকৰ লগতে গ্ৰেপ্তাৰ হৈছে ৰাজনৈতিক নেতাও।
তাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে এই কেলেংকাৰীত প্ৰায় ১২ গৰাকীকৈ সাংবাদিক আৰু আৰ টি আই কৰ্মী জড়িত হৈ আছে। যি কেইজন অভিযুক্ত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে তেওঁলোকৰ একাউন্টত টকা চৰকাৰৰ একাউন্টৰ পৰা ট্ৰান্সফাৰ হৈছিল।
আই এ এছ বিষয়া শেৱালী দেৱীয়ে কন্য়া, জোঁৱাইৰ সৈতে লগ-লাগি বৃহৎ কেলেংকাৰী সংঘটিত কৰিছিল।শেৱালী দেৱীৰ জেৰাতে পোহৰলৈ আহে এই কেলেংকাৰীৰ সময়চোৱাত শেৱালী দেৱীক ব্লেকমেইল কৰি দাবী কৰা ধন আদায় কৰিছিল সাংবাদিক, RTI কৰ্মী কেইগৰাকীয়ে। এই কেলেংকাৰীত প্ৰতিষ্ঠিত সংবাদ মাধ্যমৰ সাংবাদিকো জড়িত থকাৰ অভিযোগ আছে।