সোণাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অসম-মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চল অপাৰিকোলা গাঁৱত সামৰিক বাহিনীৰ এটা দলে দুখন অবৈধ গৰু ভৰ্তি বাহন জব্দ কৰে । বাহন জব্দ কৰিয়ে সোণাপুৰ আৰক্ষীক গতাই দিয়ে।
জানিব পৰা মতে,বাহন দুখনত ১৪ টাকৈ গৰু অবৈধভাৱে চোৰাংকৈ সৰবৰাহ কৰা হৈছিল। ইয়াৰ পাছতেই গৰুকেইটা বৰ্ণিহাটৰ বজাৰলৈ লৈ যোৱা হৈছিল। আৰক্ষী অহাৰ উমান পায় দুয়োজন চালক ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয়।
জব্দকৃত বলেৰ পিক আপ দুখনৰ নম্বৰ AS21C5728আৰু AS01 LC 2017। ইতিমধ্যে, আৰক্ষীয়ে দুয়োখন বাহন জব্দ কৰি ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।