- মঠঘৰীয়াৰ ৰেল লাইনৰ সমীপত অগ্নিদগ্ধ অৱস্থাত এজন লোকৰ মৃতদেহ উদ্ধাৰ।
- মৃত লোক জন মঠঘৰীয়াৰ সৌৰভ নগৰৰ বাসিন্দা অমল মিত্ৰ।
- অমল মিত্ৰক গাত গৰম পানী ঢালি হত্যা কৰাৰ দাবী পৰিয়ালৰ।
- শুকুৰবাৰে পুৱাই মুঙৰী নামৰ এজন বন্ধুৰ লগত দিন হাজিৰা কৰিবলৈ অমলে ঘৰৰ পৰা ওলাই গৈছিল।
- দুপৰীয়া ভাগত ঘৰৰ সমীপৰ ৰেল লাইনৰ দাঁতিত অমলৰ মৃতদেহ পৰি থকা দেখা পায়।
- স্থানীয় একাংশলোকে মৃতাদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।
- নুনমাটি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি GMCH লৈ প্রেৰন কৰে।
- আৰক্ষীৰ প্রাথমিক তদন্তত লোক জনক হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।