বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ৰে পৰা সন্ধানহীন হৈ আছে এজন ১৮ বছৰীয়া ছাত্ৰ। বুধবাৰৰ পৰা নিখোঁজ হৈ থকা ছাত্ৰজনৰ নাম অনাধীন কলিতা দত্ত। বৰ্ষাপাৰাৰ ছাউথ পইণ্ট স্কুলৰ বাণিজ্য শাখাৰ ছাত্ৰ অনাধীন। ছাত্ৰজন সন্ধানহীন হোৱাৰ পিছত মাতৃয়ে বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে উত্থাপন কৰে গুৰুতৰ অভিযোগ। বিদ্যালয়লৈ মোবাইল নিয়া বাবে ছাত্ৰজনক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি কৈছে যে, ছাত্ৰজনক সতীৰ্থৰ সন্মুখতে গালি–গালাজ কৰাৰ লগতে পৰীক্ষাত অনুতীৰ্ণ কৰোৱাৰ ভাবুকি দিছিল শিক্ষকে। ছাত্ৰজনৰ মোবাইল ফোনটো অধ্যক্ষ ৰাখি থৈ যাবলৈ দিছিল ছাত্ৰজনক।
বাণিজ্য শাখাৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ অনাধীনৰ বুধবাৰে আছিল শ্ৰেণী পৰীক্ষা। পৰীক্ষা গৃহত অনাধীনে ব্যৱহাৰ কৰিছিল মোবাইল ফোন। যাৰ ফলত ছাত্ৰজনক পৰীক্ষাগৃহত গালি–গালাজ কৰিছিল শিক্ষয়িত্ৰীয়ে। শিক্ষয়িত্ৰীৰ বাক্যবানত ভাগি পৰি পৰীক্ষাৰ উত্তৰ বহীত পিতৃ–মাতৃলৈ এটা টোকাও লিখিছিল।
বিদ্যালয়ৰ পৰা ১২.২৪ বজাত ওলাই অহাৰে পৰা এতিয়ালৈ নাই কোনো শুংসূত্ৰ। এই ঘটনাক লৈ পৰিয়ালে বিদ্যালয় কৰ্তৃপক্ষৰ বাবেই ছাত্ৰজন সন্ধানহীন হোৱাৰ অভিযোগ তুলি দাখিল কৰিছে এজাহাৰ। সন্ধানহীন ছাত্ৰজনৰ ঘৰ গুৱাহাটীৰ কাহিলিপাৰাত। ছাত্ৰজনৰ কোনো সন্ধান পালে সন্ধান পালে 93952 37770 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।