দেশ কঁপোৱা শ্বীনা বৰা হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ হোৱা মূল অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জী তথা শ্বীনা বৰাৰ মাতৃয়ে জামিন লাভ কৰি কাৰাগাৰৰ পৰা ওলাই আহিছে। গ্ৰেপ্তাৰ হোৱাৰ প্ৰায় সাত বছৰৰ পিছত, উচ্চতম ন্যায়ালয়ে বুধবাৰে তেওঁক জামিন প্ৰদান কৰিছে। জেলৰ পৰা ওলাই অহাৰ পিছত ইন্দ্ৰাণীয়ে কয়, “মই জীৱনক বহু দৃষ্টিৰে চাইছো।” শ্বীনা বৰা জীয়াই আছে বুলি তেওঁ এতিয়াও বিশ্বাস কৰে নেকি বুলি সোধাত ইন্দ্ৰাণীয়ে কয়, “মই এই মুহূৰ্তত এই বিষয়ে কথা নকঁও। এই বিষয়ত মই কেৱল আদালতত হে কথা পাতিম।”
ইন্দ্ৰাণী মুখাৰ্জীক তেওঁৰ জীয়েকক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু শুক্ৰবাৰে তেওঁক ছয় বছৰ, ন মাহৰ পিছত কাৰাগাৰৰ পৰা জামিনত মুক্তি দিয়া হৈছিল। কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত তেওঁৰ প্ৰথম চৰ্তটো আছিল যে তেওঁ সাত বছৰৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰা গোচৰটোৰ ওপৰত কোনা কথা প্ৰকাশ নকৰে।