ইদ্ৰাণী মুখাৰ্জীয়ে আজি জামিন লাভ কৰে। উল্লেখ্য যে, সমগ্ৰ ভাৰত কঁপোৱা শ্বীনা বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিল ইন্দ্ৰাণী মুখাৰ্জী। ২০১৫ চনৰ পৰা প্ৰায় ৭ বছৰ ধৰি তেওঁ কাৰাগাৰৰ ভিতৰত আছিল। প্ৰাক্তন মিডিয়া কাৰ্যবাহী আছিল অসমৰ জীয়ৰী ইন্দ্ৰাণী মুখাৰ্জী। নিজৰেই সন্তান শ্বীনা বৰাক হত্যা কৰাৰ অভিযোগত তেওঁ অভিযুক্ত।
উচ্চতম ন্যায়ালয়ে তেওঁক প্ৰদান কৰিলে জামিন। দীৰ্ঘদিন ধৰি কাৰাগাৰত থকাৰ বাবেই তেওঁক প্ৰদান কৰিলে জামিন। আনহাতে ২০১৭ চনত কাৰাগাৰৰ ভিতৰত সংঘটিত হোৱা এক দাঙ্গাৰ গোচৰতো তেওঁক জামিন প্ৰদান কৰা হৈছে।