এছ চি ই আৰ টি (SCERT)ৰ ১০৫ কোটি টকীয়া কেলেংকাৰিৰ মূল অভিযুক্ত শেৱালি দেৱী শৰ্মা মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত। আই এ এছ বিষয়াগৰাকীৰ লগত ঠিকাদাৰ ৰুহুল আমিন আৰু জোঁৱায়েক অজিত সিঙো আছে লগত। ৰাজস্থানত গ্ৰেপ্তাৰ কৰি পোনে পোনে লৈ অহা হৈছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষলৈ। কাইলৈ আদালতত হাজিৰ কৰোৱা হ’ব দুৰ্নীতিগ্ৰস্ত বিষয়া শেৱালি শৰ্মাৰ লগতে ঠিকাদাৰ আৰু জোঁৱায়েক অজিত সিঙক।
উল্লেখ্য, SCERT ৰ কাৰ্যবাহী অধ্যক্ষ আৰু সঞ্চালক হৈ থকাৰ সময়ত শেৱালি দেৱী শৰ্মাই ২০১৭ চনৰ পৰা ২০২০ চনৰ ভিতৰত সংঘটিত কৰিছিল ১০৫ কোটি টকাৰ কেলেংকাৰি। অসম চৰকাৰৰ অজ্ঞাতে ৫টা বেংক একাউণ্ট খুলিছিল শৰ্মাই।