মহাৰাষ্ট্ৰৰ শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটক গ্ৰেপ্তাৰ কৰিছে প্ৰৱৰ্তন সঞ্চালকালয় তথা চমুকৈ ED য়ে। ধন ৰপ্তানিৰ গোচৰৰ সন্দৰ্ভত দেওবাৰে দিনটো EDয়ে তেওঁক প্ৰশ্ন কৰাৰ পিছত নিশা ১২-৩০ বজাত গ্ৰেপ্তাৰ কৰে। তদন্তত সহযোগ নকৰাৰ বাবে মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ অধীনত ED য়ে সঞ্জয় ৰাউটক আটক কৰিছে বুলি প্ৰকাশ পাইছে।
উল্লেখ্য যে, মহাৰাষ্ট্ৰ ৰাজনৈতিক সংকটৰ মাজতে সঞ্জয় ৰাউটলৈ EDয়ে চমন জাৰি কৰিছিল। EDয়ে তেওঁক ২ খন চমন জাৰি কৰিছিল যদিও সঞ্জয় ৰাউটে ৭ আগষ্টলৈকে সময় বিচাৰিছিল। তেওঁ সংসদ সম্পৰ্কীয় কামত ব্যস্ত আছিল বুলি জনাইছিল। নিশা সঞ্জয় ৰাউটক আটক কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে মহাৰাষ্ট্ৰ ৰাজপথলৈ শ শ শিৱ সৈনিক ওলাই আহি প্ৰতিবাদী শ্লোগান দিয়ে।
আজি সঞ্জয় ৰাউটক মুম্বাইৰ এখন বিশেষ পি এন এল এ আদালতত হাজিৰ কৰোৱা হ’ব।