হিংসাত্মক পৰিস্থিতিৰ মাজতে মণিপুৰ চৰকাৰে বৃহস্পতিবাৰে ‘চৰম ঘটনা’ৰ ক্ষেত্ৰত ‘Shoot-at-sight’ অৰ্ডাৰ জাৰি কৰে। কাৰণ জনজাতীয় আৰু সংখ্যাগৰিষ্ঠ মেইটেই সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ অব্যাহত আছে আৰু প্ৰায় ৯ হাজাৰৰো অধিক লোকক নিজৰ গাঁৱৰ পৰা স্থানচ্যুত কৰিছে।
ৰাজ্যপালৰ হৈ জাৰি কৰা আদেশত কোৱা হৈছে যে যেতিয়া বুজাই-বঢ়া, সতৰ্কবাণী আৰু যুক্তিসংগত শক্তি “ক্ষতি হৈ গৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি” তেতিয়া ‘Shoot-at-sight’ৰ আশ্ৰয় ল’ব পাৰি। ৰাজ্য চৰকাৰৰ আয়ুক্ত (গৃহ)ৰ স্বাক্ষৰিত অধিসূচনাখন ১৯৭৩ চনৰ ফৌজদাৰী প্ৰক্ৰিয়া সংহিতাৰ বিধানৰ অধীনত জাৰি কৰা হৈছিল।
মণিপুৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে পৰিস্থিতি পুনৰীক্ষণ কৰিবলৈ গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে দুখন বৈঠকত মিলিত হোৱাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ সৈতে টেলিফোনিক বাৰ্তালাপত শ্বাহে ৰাতিপুৱা ৰাজ্যৰ প্ৰচলিত দৃশ্যপট আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে অৱগত কৰে। মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ (নাগালেণ্ড), জোৰামথাংগা (মিজোৰাম) আৰু হিমন্ত বিশ্ব শৰ্মা (অসম)ৰ সৈতেও বাৰ্তালাপ কৰে। ইফালে, মণিপুৰৰ ৰাজধানী ইম্ফলৰ চৰম হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনাবাহিনীক মাতি অনা হৈছে।