দেশ কঁপাই যোৱা শ্ৰদ্ধা হত্যাকাণ্ডৰ অভিযুক্ত আফতাব আমিন পুনাৱালাই নাৰ্কো পৰীক্ষাত শ্ৰদ্ধা ৱাকাৰক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে বুলি চিকিৎসালয়ৰ এক সূত্ৰত প্ৰকাশ। পূৰ্বেও আফতাবে পলিগ্ৰাফ পৰীক্ষাতো নিজৰ অপৰাধ স্বীকাৰ কৰিছিল। আফতাবৰ পলিগ্ৰাফ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পাছতে চূড়ান্ত প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে।
উল্লেখ্য যে, দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। শ্ৰদ্ধাৰ প্ৰেমিক আফতাবে শ্ৰদ্ধাক হত্যা কৰি ৩৫ টুকুৰা কৰি বিভিন্ন ঠাইত পেলাই থৈ আহিছিল। কেইবামাহ পাছত পোহৰলৈ আহিছিল এই হত্যাকাণ্ডৰ কথা। লগতে পোহৰলৈ আহিছিল কেনেদৰে বৰ্বতাৰে আফতাবে শ্ৰদ্ধাক নিৰ্যাতন চলাই গৈছিল।